26/08/2024
সকলোলৈকে এক আহ্বানঃ
জামুগুৰিহাটৰ বহু কেইটা এনে অনুষ্ঠান আছে যাক আমি অসমীয়া ৰাইজৰ মাজলৈ নিবলৈ কিঞ্চিত প্ৰচেষ্টা কৰিব পাৰোঁ। প্ৰচেষ্টা প্ৰথম পদক্ষেপ হল ভিডিঅ আৰু ফটো।
অনুষ্ঠান সমুহ হলঃ
১. বাৰেচহৰীয়া ভাওনা
২. দৌল উৎসৱ
৩. পাতলৰচুকৰ জন্মাষ্টমী আৰু বোকাখচা ভাওনা
৪. কোচগাঁওৰ কালিয় দমন ভাওনা
৫. বাসুদেৱ থানৰ ৰাস
৬. বৰপুখুৰী পাৰৰ বিহুমেলা
৭. কাজিৰঙা ষষ্ঠ সংযোজন
আদি..........
আমি আগলৈ কেতিয়াবা জামুগুৰিহাটক লৈ ফটো প্ৰদৰ্শনী পাতিব পাৰোঁ। বাৰেচহৰীয়া ভাওনাতো এটা ষ্টল লব পাৰো। তাৰ বাবে আমি নিজাববীয়াকৈ কিছু ফটো ক্লিক কৰি থব পাৰো। সেইবাবে সকলোকে অনুৰোধ জনালোঁ যে এই অনুষ্ঠান খিনিত নিজে আহি ফটো আৰু ভিডিঅ তুলি লয় যেন। অনাগত দিনত হব লগা প্ৰদৰ্শনীত আমি প্ৰদৰ্শন কৰিম। আৰু কাৰোবাক লাগিলেও আমি উচিত মূলত যোগান ধৰিব পাৰিম। এই কামখিনি কৰিলে নিজৰে পৰ্টফলিঅ উন্নতি হব।
আশা কৰিছোঁ সকলোৱে মোৰ কথাখিনি উপলব্ধি কৰিব।
ভাৰ্গবজ্যোতি ভূঞা
উপ সভাপতি