M sofiq

Last Program At Dadenggiri 03/03/25
05/03/2025

Last Program At Dadenggiri 03/03/25

25/01/2025

Last night bamunbori doinik bozar, Rupali joiynti

কেমন আছেন সবাই? নতুন বছরের শুভেচ্ছা রৈল
31/12/2024

কেমন আছেন সবাই? নতুন বছরের শুভেচ্ছা রৈল

30/12/2024

কলকাতা ৭পরগনা থেকে, দুরামারী মালিবারী আ: ধর্মীয় যুবক সংঘের দারায় আয়োজিত মেহফিল

♦️♦️মৃত্যুৰ আগমুহুৰ্তত পুত্ৰলৈ মাতৃৰ চিঠি ♦️♦️মাকৰ মৃত্যুৰ কিছুদিন পিছত মাক থকা ঘৰখন পৰিষ্কাৰ কৰিবলৈ গৈ মাকৰ হাতে লিখা এ...
07/08/2022

♦️♦️মৃত্যুৰ আগমুহুৰ্তত পুত্ৰলৈ মাতৃৰ চিঠি ♦️♦️

মাকৰ মৃত্যুৰ কিছুদিন পিছত মাক থকা ঘৰখন পৰিষ্কাৰ কৰিবলৈ গৈ মাকৰ হাতে লিখা এখন চিঠি উদ্ধাৰ কৰে তেখেতৰ ল'ৰাই। চিঠি খনত লিখা আছিল...
বোপাই এই চিঠিখন যেতিয়া তোৰ হাতত পৰিব, তেতিয়া হয়তো মই তোৰ পৰা বহু দূৰলৈ গুছি যাম... য'ৰ পৰা মই আৰু কোনোদিনেই ঘূৰি আহিব নোৱাৰিম... বোপা তোৰ বহু কথা মনত নাই বা তই জ্ঞাত নহয়... সেয়েহে এই চিঠিতে তোৰ সেই অজ্ঞাত কথা বোৰ লিপিবদ্ধ কৰি গ'লো...
তই যেতিয়া সৰু আছিলি এবাৰ তোৰ জ্বৰ হৈছিল, মই তিনি ৰাতি উজাগৰে আছিলো। তোক বুকুত লৈ বহি আছিলো বিছনাত। কাৰণ তোক শুৱাই দিলেই তই কান্দি উঠিছিলি। তোৰ দেউতাই মোক কৈছিল তোক শুৱাই ৰাখিবলৈ কিন্তু মই নোৱাৰিছিলো তোৰ দেউতাৰ কথা ৰাখিব... সেইবাবে তোৰ দেউতাই মোক অনেক গালি-গালাজ কৰিছিল।
তোক যেতিয়া ৰাতি বিছনাত শুৱাইছিলো... তই প্ৰস্ৰাৱ কৰি বিছনা তিয়াই দিছিলি, তোক তেতিয়া শুকান ঠাইত শুৱাই মই নিজে হাড় কঁপোৱা ঠাণ্ডাতো তোৰ প্রস্ৰাৱে তিয়াই পেলোৱা সেই সেমেকা ঠাইত শুই পৰিছিলো...
তোৰ দেউতাৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া অনেক দুখ কষ্টেৰে মই সংসাৰখন চলাবলগীয়া হৈছিল... এটা কণী ভাজি দুটুকুৰা কৰি তোক দুবেলা দিছিলো। এনে দিনো গৈছে যে কেৱল নিমখ ভাত খাইয়ে শুই পৰিছিলো মই... কিন্তু তোক কেতিয়াও অনুভৱ কৰিব দিয়া নাছিলোঁ। কেতিয়াবা ৰান্ধিবলৈ এটি অন্ন নাছিল মোৰ ওচৰত, তেতিয়া উপায় বিহীন হৈ কাৰোবাৰ ঘৰত কাম কৰি সেই পইচাৰে অলপ চাউল আনি তাকে ৰান্ধি খুৱাইছিলো তোক। হয়তো তই পাহৰি গৈছ, তই যে কৈছিলি বৰ ডাঙৰ পৰীক্ষা, ইউ পি এস ছি নে কি ? সেই পৰীক্ষাত বহিবৰ বাবে তোৰ দেউতাই দিয়া শেষ স্মৃতি কাণ ফুলিযোৰ বিক্রী কৰি দিছিলোঁ, আৰু বহু কথা আছে যি লিখিব গ'লে হয়তো বহীৰ পাত শেষ হৈ যাব... কিন্তু লিখা শেষ নহ'ব।
তই হয়তো ভাবিছ, ইমান কথা তোলৈ কিয় লিখি গ'লো... বোপা তই যেতিয়া ডাঙৰ হ'লি এটা ভাল চাকৰি পালি আৰু কিছু দিন পিছত বিয়া পাতিলি... মই তহঁতক লৈ সুখেৰেই আছিলো। এদিন ঘৰৰ পৰা কিছু টকা চুৰি হ'ল... সেই দিনা তই মোক সুধিছিলি মই সেই টকাৰ সম্পৰ্কে কিবা জানো নে নাই... তই মোক একো নকলেও মই বুজিব পাৰিছিলো, তই মোকেই সন্দেহ কৰিছিলি, কাৰণ তই মোৰ পেটৰ পো। তোক হাড়ে হিমজুৱে চিনি পাওঁ অ' মই, কাৰণ ন মাহ দহ দিন তোক মই গৰ্ভত ৰাখিছিলোঁ।
কিছুদিন পিছত তই মোক চোৰৰ মিছা অপবাদ দি অন্য এখন ঘৰত ৰাখিলি। তই সুখেৰে থাক বুলিয়েই মনে নামানিলেও ওলাই আহিলোঁ। তয়েই মোৰ সকলো, তহঁতৰ সৈতে মই ইমান সুখেৰে আছিলোঁ, চুৰ কাৰ বাবেনো কৰিম, কি কৰিম সেই পইছাৰে সেই কথাও এবাৰো নাভাবিলি নে ! বোপা মোৰ সেই ঘৰখনত থাকিবলৈ বৰ ভয় লাগিছিল জান'... কাৰণ ঘৰখন তোৰ পৰা বহু দূৰৈত আছিল... তোক এদিন কৈছিলো, মোৰ অকলে অকলে থাকিবলৈ ভয় লাগে, ৰুগীয়া শৰীৰ কেতিয়া কি হৈ যায়... তই কৈছিলি মৰণ আহিলে যিকোনো ঠাইতে আহিব। মোৰ আঁঠুৰ বিষটো বাঢ়িছিল, তোক কৈছিলো বোপা মোক কিছু ঔষধ কিনি দিবি... তই কৈছিলি এই বয়সত ঔষধ খাব নালাগে। নিজে নিজেই ঠিক হৈ যাব। বোপা মই বিছনাৰ পৰা উঠিব নোৱাৰিছিলো। শৰীৰত ঘা হৈছিল, শৰীৰৰ পৰা দুৰ্গন্ধ ওলাইছিল। কিমান দিন যে গা ধোৱা নাছিলো সেই কথা সঠিককৈ ক'ব নোৱাৰিম। তোৰ ঘৰটো আছিল মোক ৰখা ঠাইৰ পৰা বহু দূৰৈত... কেতিয়া আহি কেতিয়া যে গুছি গৈছিলি একো উৱাদিহেই পোৱা নাছিলো... কেৱল একেথৰে বাটৰ ফালে চাই আছিলোঁ... তই অহাৰ অপেক্ষাত।
বোপা তই যেতিয়া সৰু আছিলি মই খাবলৈ বহিলে তোক কোলাত লৈ খাইছিলো... কেতিয়াবা খাই থাকোতেই তই মোৰ কোলাত পায়খানা কৰি দিছিলি... মই তোৰ পায়খানা গাত লৈয়ে খাই উঠিছিলো, কিয় জাননে ??? অলপো ঘৃণা নালাগিছিল মোৰ... কিন্তু তই যেতিয়া মোৰ ওচৰলৈ আহ' তেতিয়া নাকত ৰুমাল এখন লৈ আহিছিলি... কিয় বোপা ??? মোৰ শৰীৰৰ পৰা দুৰ্গন্ধ আহিব বুলি ??? এখন কাপোৰেৰে মই কেইমাহ যে থাকিব লগীয়া হৈছে সেইয়া মই সঠিককৈ ক'ব নোৱাৰিম।
তই যেতিয়া বহুদিন পিছত মোক চাবলৈ আহিছিলি, মোৰ খুউব ইচ্ছা হৈছিল তোক অন্ততঃ এবাৰ বুকুত সাৱটি ধৰাৰ... কিন্তু নোৱাৰিলো বোপা তোক বুকুত সাৱটি ধৰিব... কাৰণ মোৰ শৰীৰত অনেক ময়লা আছিল। যদি তোৰ দামী দামী চাৰ্ট-পেণ্ট নষ্ট হৈ যায় !!! এই ভয়তে তোক বুকত ল'ব নোৱাৰিলো। হ'লেও তই যে কোট টাই পিন্ধি কাষত দেহৰক্ষী লৈ আহিছিলি, গৰ্বতে বুকুখন মোৰ এহাতমান ফুলি উঠিছিল জান' মোৰ ল'ৰা আজি ডাঙৰ মানুহ হ'ল বুলি।
বোপা মোক কেতিয়াও তই এবাৰলৈও নুসুধিলি মা তোৰ শেষ ইচ্ছা কি বুলি... বাৰু সেইবোৰ বাদ। কিমান দিন যে তোৰ মুখেৰে মা মাতষাৰ শুনা নাই... সেইয়াও সঠিককৈ ক'ব নোৱাৰিম। বোপা মোৰনো কি অপৰাধ আছিল ??? মই যে ইমান অৱহেলিত হৈ পৰিলোঁ !!! বোপা তই জানোঁ নোৱাৰিলিহেঁতেন মোক তোৰ কাষতে ৰাখিব ??? তই জানোঁ নোৱাৰিলিহেঁতেন মোক এযোৰ কাপোৰ কিনি দিব !!! তই জানোঁ নোৱাৰিলিহেঁতেন মোক এজন ডাক্তৰক দেখুৱাব !!! মোক ভাল ডাক্তৰৰ ওচৰলৈ লৈ গ'লে হয়তো এই পৃথিবীত আৰু কিছু দিন থাকিব পাৰিলোহেঁতন...
বোপা কোনো পিতৃ-মাতৃয়ে বিয়লি বেলাত নিজৰ সন্তানৰ ওচৰত পেট ভৰাই খাব নিবিচাৰে, বিচাৰে কেৱল মৰমৰ এষাৰি মাত, যি তই কেতিয়াওঁ বুজিবৰ চেষ্টা নকৰিলি, কেৱল মাত্ৰ মোৰ বাবে দুবেলা দুসাজ ভাত বন কৰা ল'ৰাটোৰ হাতত পঠায়ে দায়িত্ব সামৰিলি... বোপা তোক এটি শেষ অনুৰোধ কৰিছোঁ, মোৰ এই চিঠি খন তোৰ সন্তানক পঢ়ি শুনাবি, কাৰণ তই বৃদ্ধ হ'লে তোৰ সন্তানে যাতে তোৰ সৈতে এনে নকৰে। সদায় ভালে থাকিবি বোপা...

ইতি

তোৰ 'মা'

😥😥 বিদায়😥😥

(বি.দ্ৰ.- বলীন বড়া ডাঙৰীয়াৰ পোষ্টৰ সহায় লৈ।)

♦️♦️♦️ এই গল্পটি সেই সকলৰ বাবে, যি বিবাহৰ পিছত নিজ জন্মদাত্ৰী মাতৃক পাহৰি যায় ♦️♦️♦️

প্লিজ ভাল লাগিলে শেয়াৰ কৰিব... সকলোৱে জনা দৰকাৰ... যাতে এনে ভুল দ্বিতীয়জনে নকৰে। 🙏🙏🙏🙏

11/04/2022

জীবনের একটি অন্যতম মুহূর্ত

02/04/2022

পুরানো দিনের কিছু স্মৃতি। মনে পড়লে কেমন লাগে, কমেন্ট কৰতে ভুলবেন না প্লীজ

22/03/2022

মুফতি আবুল বাসাৰ। আলোচনাটি সুনে সবাই কদলো

Address

Boko

Alerts

Be the first to know and let us send you an email when M sofiq posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to M sofiq:

Share