23/08/2024
হাতা শান্ত, নির্জ, বুধিয়ক, সংবেদনশীল, সামাজিক, শৃংখলাৱদ্ধ প্রাণী। স্থলচৰ প্ৰাণীৰ ভিতৰত বৃহত্তম। হাতীৰ লগত মানুহৰ সম্পৰ্ক অভিন্ন। মৰমিয়াল প্রাণীবিধক বহুতেই শুভকৰ প্ৰতীক হিচাপে গণ্য কৰে। হাতীৰ প্ৰতি থকা মৰম- শ্ৰদ্ধাৰ বাবে ঠাই বিশেষে ৰাইজে গণেশ, গণেশ বাবা, ডাঙৰীয়া, বাবা, প্রভু আদি নামেৰেহে সম্বোধন কৰে।