Emon Kalyan

Emon Kalyan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Emon Kalyan, Sonari.

জীয়াই থকা মানেই জীৱন নহয় । সংগ্ৰামেহে জীৱন সুন্দৰ কৰে, জীয়াই থকাৰ প্ৰেৰণা দিয়ে, জীৱিতৰ অস্তিত্ব ঘোষণা কৰে । পৃথিৱীখনক ভাল পালেহে জীৱনক ভালপোৱাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ।

03/10/2024

শৰতৰ এটি শেৱালি সৰা পুৱা ।
স্নিগ্ধতাৰ আৱেশেৰে আচ্ছাদিত
শুভ্ৰতাৰ এখনি দলিচা ।
মৃদু মলয়াৰ এচাতি বা,,,,,।

শেৱালিয়ে স্বাগতম জনোৱা শৰৎ,
শেৱালিবিহীন শৰৎ,,,,,
তুমিবিহীন মই, কল্পনা জানো কৰিব পাৰি ??
সোনালী সূৰুযৰ, সোনোৱালী আভাই
জাগ্ৰত কৰা বাসনা ।

কত আশা, কত হেপাঁহ
বুকুৱেদি উজাই,,,,,,
দুবৰিৰ আলিংগনত শিহৰিত,
সেমেকা স্পৰ্শত পুলকিত,
এসাগৰ আকাঙ্খ‍্যাৰ বন‍্যা বৈ যায় ।

মোৰ হাতৰ মুঠিত আৱদ্ধ
তোমাৰ এটি আঙুলি,,,,,,।।
সীমাহীন বিশ্বাস আৰু আশ্বাসৰ
উদ্দীপনাভৰা যাত্ৰা,,,।

দুপৰৰ পৰা হেঙুলীয়া আবেলি ।
সৌৱা পশ্চিমত অস্তবেলিৰ হেন্দুলনি,,,,,
ঘন,ঘন স্বাস-নিশ্বাসৰ গুনগুণনি,,,,,,,,,,,,
সাঁজলগা সন্ধিয়াত
প্ৰাপ্তি নে অপ্ৰাপ্তি
উত্তৰশূন্য প্ৰশ্নৰে
আমাৰ উভতনি যাত্ৰা ।
লোতকেৰে উৱঁলি যোৱা
তোমাক দিয়া
প্ৰতিশ্ৰুতিৰ দস্তাবেজ সামৰি,,,
অচিনলৈ যাত্ৰা,,,, ।।।।

02/10/2024

যোৱা দিনটোত(১অক্টোবৰ) মোৰ জন্মদিনৰ বাবে অকৃত্ৰিম আৰু নিস্বাৰ্থভাৱে শুভেচ্ছা,শুভকামনা শুভাশীষ ভৰা বাৰ্তা প্ৰেৰণ কৰি মোক আহ্লাদিত কৰাৰ লগতে নিৰ্দিষ্ট দিনটোৰ প্ৰতিটো পল জীপাল কৰিলে সকলোলৈকে স্নেহভৰা ধন্যবাদ, কৃতজ্ঞতা আৰু অফুৰন্ত মৰম যাছিলো । আপোনালোকৰ প্ৰেৰণাই জীয়াই থকাৰ মাদকতা, আকাঙ্খ‍্যা বঢ়াই তোলে । সকলোলৈ পুনৰবাৰ সেৱা নিবেদিলো🙏🏻🙏🏻🙏🏻 ।

28/09/2024

#মোৰ_অনভিজ্ঞ_মনৰ_অনুভৱহে,, ভুলবিলাক শুধৰাই দিব🙏🏻🙏🏻🙏🏻 ।
#ক্ষুদ্র, ক্ষুদ্ৰ অংশৰে বিভক্ত হৈ আমি কেতিয়াও এখন সবল সমাজ গঢ়িব নোৱাৰো । এনেদৰে জাতি বা দেশৰ উন্নয়নো সম্ভৱ নহয় । সামাজিক দায়বদ্ধতা আৰু সামূহিক উন্নয়নৰ বাবে দায়িত্ববোৰহে বিভক্ত কৰি ল'ব লাগে । কিন্তু ক্ষুদ্ৰ দলগ'ত বা বৰ্ণ বৈষম্যৰ আধাৰত নহয় । সময় বা পৰিস্থিতিত যদিও বিভিন্ন মঞ্চ, দল, সংগঠন, দৰে গোটত বিভক্ত কৰিব লগা হৈছে, কিন্তু সামাজিক চেতনা তাৰ উৰ্ধত থাকি সামাজিক আচৰণ, সামাজিক সম্বন্ধ, সামাজিক আন্তঃক্ৰিয়া, সাংস্কৃতিক মন, সামাজিক শৃংখলা, সামাজিক কল‍্যাণৰ অৰ্থে একতা প্ৰকাশ কৰি আগুৱাব লাগিব তেহে এটা অঞ্চল বা এখন গাঁও সমাজপাতি থকাৰ বাবে এটি সুস্থ পৰিৱেশ বৰ্তি থাকিব ।
প্ৰত‍্যেকেই নিজৰ জীৱন সমৃদ্ধ কৰা অভিজ্ঞতা আৰু জ্ঞানৰ অৱদানেৰে সমাজখনক আগবঢ়াই নিব লাগিব । ব‍্যক্তিকেন্দ্ৰিক বুলি নকওঁ কিন্তু পৰিস্থিতিৰ দাসত্ব হৈ আমি নিজৰ পৰিয়াল, সন্তানক লৈ ব‍্যস্ত হৈ থাকোতে উমৈহতীয়া প্ৰচেষ্টাৰে কৰা কামৰ সুখ (আমাৰ ইয়াত শাওঁৰি বুলি কৈছিল ), বিনিময় ব‍্যৱস্থা, সুখ দুখৰ সমভাগী হৈ কৰা গঠনমূলক আদ্দাৰ আমেজ, সাংস্কৃতিক চৰ্চা, পুথি অধ্যয়ন, অকৃত্ৰিম বন্ধুত্ব ,,,,,, ইত্যাদি কাৰ্য, আনন্দ, বা সম্পৰ্কৰ পৰা বঞ্চিত হৈছো নেকি ? ভোগবাদী ঢৌত উটি গৈ, ক্ষন্তেকীয়া সুখত নিমজ্বিত হৈ প্ৰতিযোগিতামূলক, আক্ৰোশমূলক মনোভাৱেৰে সামাজিক বান্ধোনবিলাক ছিঙি পেলোৱা নাইতো !
বৰ্তমান আমি ভৱিষ্যত প্ৰজন্মক অন‍্য এটা দিশলৈ লৈ গৈ আছো আৰু ভৱিষ্যতে এই প্ৰজন্মই আমাকো বেলেগ এটা দিশে লৈ যাব । আজি আপুনি কৰা প্ৰতিটো কাৰ্যৰ প্ৰভাৱ প্ৰজন্মৰ ওপৰত পৰিব । কিন্তু বিচাৰ্য‍্যৰ বিষয় এইয়ে যে বৰ্তমান আমি লৈ যোৱা দিশটো কেনে আৰু আমাকো ভৱিষ্যতে কোন দিশে গতি কৰাব । অৱশ্যে সময়ক আমি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰো । সময়ৰ গতিত আমি ধাৱমান যদিও কিছুমান কথা উপলব্ধি কৰাত পলম হ'বগৈ নেকি ? জানি বুজিও সেই সুযোগ আমিয়েই দিছো নেকি ? কিছুমান দুখ আনলৈ থেলাথেলি কৰি আমি নিজকে উলংগ কৰিছো নেকি ? সভ‍্য হৈয়ো মানুহে আক্ৰমণাত্মক আসুৰিক তৃপ্তিৰ বাসনাবিলাক মনৰ ভিতৰত অজানিতে পুঁহি ৰাখিছো নেকি ? আমি বেছিকৈ ক্ষমতাকেন্দ্ৰিক লিস্পাত বিভোৰ হৈছো নেকি ????
বহু কথাই কবলৈ মন যায় কিন্তু বুজাই ক'ব নাজানো । জীৱনৰ বেছি ভৰসা কৰি একো লাভ নাই, ক্ষন্তেকীয়া সময়, সেয়ে থকা সময়কন,,,,,,,, মই জানো আপুনি সকলো বুজি পায়, কিন্তু কোৱাহে নাই ।

26/09/2024

অনুগ্ৰহ কৰি মোক জনা কোনোবাই মোৰ বিষয়ে দুটা বেয়া দিশ আৰু এটা ভাল দিশৰ বিষয়ে খোলা মনেৰে ক‌ওক । যাৰ দ্বাৰা মই মোক শুধৰাব পাৰো ।আত্মবিশ্লেষণৰ সুযোগ পাওঁ । যাতে জীৱনত কিবা এটা কৰিব পাৰো, নিজৰ বাবেও আনৰ বাবেও । যি বেয়া দিশটো সাধাৰণতে দৃষ্টিগোচৰ হলেও গভীৰ ভাৱে লোৱা নহয় । জানিও কব নিবিচাৰিলে বুজিম আপোনাৰ লগত মোৰ সম্পৰ্ক আন্তৰিকশূণ্য, কৃত্ৰিম । তেনে সম্পৰ্ক নথকাই শ্ৰেয় । ইয়াৰ পিছতে মোৰ বন্ধুত্বৰ তালিকাখন সীমিত কৰিম, ভুল নুবুজিব । যি ভাৱিলেও ভাৱিব পাৰে ।

25/09/2024

পাবলৈও নাই, হেৰুৱাবলৈও একো নাই । দুখ কৰিবলগীয়াও নাই, সুখ পাবলৈও নাই । একেদৰে আছো, একেদৰে থাকিম । শুদা হাতে আহিছো, তেনেকৈয়ে ওভতিম ।

10/09/2024

সদৌ অসম ছাত্ৰ সন্থাক ভাল নোপোৱাৰ কাৰণ দৰ্শাব নোৱাৰো । সুবিধাবাদী বুলি প্ৰমাণো দিব নোৱাৰো । ভৱিষ্যত ৰাজনৈতিক নেতা হোৱাৰ কৰ্মশালা বুলি কোৱাৰো যুক্তি নাই । বিলাশী জীৱন যাপন কৰে বুলিও মনে নধৰে । কষ্টোপাৰ্জিত ধনেৰে সমাজৰ সেৱা আগবঢ়াইছে আৰু সাধাৰণ জনগনৰ ন‍্যায় আৰু প্ৰাপ‍্যৰ বাবে সংগ্ৰাম কৰিছে বুলিব‌ও নোৱাৰো । কিয় নোৱাৰো তাৰ উত্তৰো নাই কিন্তু জোৰ কৰি কাৰো আস্থাভাজন হব নোৱাৰে বুলি জানো । সকলো কথা যুক্তি আৰু প্ৰমাণ সাক্ষীৰে পতিয়ন নিয়াব নোৱাৰে, এই কথা মই বিশ্বাস কৰো । সকলো সত‍্য‌ই ন‍্যায় পায় নে নাপায় মানুহে জানে । প্ৰশ্ন হয় এনে সংগঠনৰ নেতৃত্ব‌ই ইমান লঘু বিষয়ত জড়িত হব লগা পৰিস্থিতিৰ উদ্ভৱ হ'লে, বৃহৎ সমস্যাবোৰ কেনেকৈ সম্পাদন কৰিব । কিমান পৰিপক্ক(mature) হলে কিছুমান আৱেগ অনুভূতি(বয়সৰ) জলাঞ্জলি দি সমাজ বা দেশৰ হৈ সেৱা কৰিব পাৰে সেয়া সন্দেহ হয় ‌। আশা আৰু বিশ্বাস কৰি কৰি আজি কি পাইছো সকলোৱে জানে । আমাৰ সৰু মন,সৰু চিন্তা ।

05/09/2024

"এদিনৰ কাহিনী"
মানুহবোৰে পেটত গামোছা মৰা দিন আৰু নাই ।
সকলোৰে পেটবোৰ বহল হ'ল ।
নিজকে জলাঞ্জলি দি,আনক পোহৰ বিলোৱাৰ সময়ো নাই ।
সকলো দেখো পোহৰৰে বাসিন্দা হ'ল ।
সপোন দেখাৰ দিনবোৰ এতিয়া আৰু নাই ।

অমাৱশ‍্যাই আৱৰা জীৱনত,
টেটুফালি চিঞৰিলেও
টোপনিৰ পৰা সাৰপোৱা মানুহ আজি নাই ।
বেয়াবোৰ ভাল আৰু ভালবোৰ বেয়া
কব পৰাৰ প্ৰতিযোগিতা চলিছে ।
দিনৰ দিনটো টকাৰ পিছত দৌৰি,
ভাৰ্চুৱেল জগতত ঘূৰি ঘূৰি সকলো ভাগৰুৱা ।
নিজৰ বাদে সকলোকে দৌৰাই দেখিছো ।
কলৈ গৈছে, কিয়নো দেৰি হৈছে বুজিকে নাপাওঁ ।
মানুহৰ দূৰন্ত গতিৰ লগত পৃথিৱীৰ কক্ষপথৰ গতি
বাঢ়িছেনে নাই মই নাজানো ।
চন্দ্ৰ, সূৰ্য, তৰাবোৰৰ গতি পূৰ্বতকৈ কিমান বাঢ়িল
মোক দেখো কোনেও নজনালে ।
মই বিজ্ঞানৰ ইমান কথা নাজানো ।
শব্দৰ সম্ভাৰো নাই যে মই সুন্দৰকৈ বুজাই দিম ।

এফালে ঘোষণা এটাও শুনিলো,
গোটেই পৃথিৱীৰ ধৰ্মৰ বেপাৰীবোৰ একেলগ হৈ
বিজ্ঞানীৰ সহায়ত
এটা বেজীৰ উদ্ভাৱন কৰিছে ।
এতিয়াবোলে সকলো ধৰ্মৰে
মানুহৰ তেজৰ ৰং সলনি কৰিব ।
কোনোবা যদি ৰ‌ঙা,
কোনোবা আকৌ নীলা, হালধীয়া, কমলা ।
ভালেই হ'ব,
ধৰ্মান্ধবোৰ চিনাক্ত কৰাতো সহজ হ'ব ।
পৃথিৱীলৈ শান্তি নামিব ।

আনফালে দেখিছো,সকলোৱে প্ৰতিবাদ কৰিছে ।
প্ৰতিবাদীকো প্ৰতিবাদ কৰিছে,
প্ৰতিবাদীক প্ৰতিবাদ কৰাজনকো
সমালোচনা কৰিছে ।
কথাবোৰ ব'ৰ আওপাক লগা ।

শাসকে শোষণ কৰিছেনে,
শোষকে শাসন কৰিছে
সেই কথাও বুজি নাপালো ।
আমিযে শেষত থাকি গলো ।
আগত কি হৈ আছে দেখাকে নাপাওঁ ।
জুমাজুমি কৰিলে অকনমান দেখো,
উলঙ্গ মানুহৰ মাজত
অজশ্ৰ কাগজৰ টুকুৰা
কোনোবাই ধাৰাসাৰে চটিয়াই আছে ।
তাকে লৈ পাগলৰ দৰে এচামে
অৰিয়াঅৰি লাগিছে ।
সেই কাগজৰ টুকুৰাটেই যেন সিহঁতৰ
জীৱটো লুকাই আছে ।
দূৰলৈ ভালকৈ নেদেখো বাবে
সিহঁতবোৰক কিন্তু জন্তুৰ দৰেই লাগিল ।।।

01/09/2024

ৰাজহুৱা, নিৰপেক্ষ, সমাজ, দল,সংগঠন,জাতি-জাতীয়তাবাদী ,,,,,শব্দবোৰ বৰ ভাল লগা । কিন্তু নেপঠ‍্যৰ পৰিৱেশ বৰ ঘৃননীয় । দুৰ্ঘন্ধ । যুক্তি বিহীন ভাৱে স্বাৰ্থপৰ । যিমান ভাষন,,,,,, সপোন,,,, নেদেখুৱাক কিয় । এশ শতাংশ গেৰাণ্টি দি কব পাৰো একো লাভ নাই এই উপৰুক্ত শব্দাংশৰ লগত জড়িত পেছাদাৰী জীৱিকা চলাই থকা মুখাৰ আঁৰৰ মুখবোৰৰ কথা শুনি বা বিশ্বাস কৰি । জীৱনত ব‍্যক্তিগতভাৱে একো কৰিব নোৱাৰিলেও বহু অভিজ্ঞতা পালো ।
বহু দিনক ৰাতি কৰি, ৰাতিক দিন কৰি,মন মানসিকতাৰে,সময় দি বিভিন্ন প্ৰক্ৰিয়াৰে, সামৰ্থ্য চিন্তা-চেতনাৰে চেষ্টা কৰি চালো, সমাজখন ভাল হ‌ওক বুলি । কিন্তু সকলো গতানুগতিক, ভ্ৰুক্ষেপ বিহীন জীৱন জিন্দাবাদ । কাৰো কব লগা কোনো কথা নাই, ভৱাৰ নিশ্চপ্ৰয়োজন, মুঠতে মিলি থাকিব লাগে,চলি আছে চলি থাকিব দিয়ক । কিয় সময় নষ্ট কৰে । কিয় প্ৰশ্ন কৰে । আপোন ভালে নিশ্চুপ, নহলে চিঞৰ । মানে ব‍্যক্তিকেন্দ্ৰিক ।
ব‍্যতিক্ৰম হব খুজিছিলো । কিন্তু নোৱাৰিলো । ভাৱিছো আৰু প্ৰকাশ কৰিছো, এনেকৈয়ে মোৰ দিনবোৰ(জীৱনটো) অতিবাহিত কৰিছো । মইনো বাৰু ক'ত আৰু কিয়নো জড়িত হ'লো । সৌভাগ্য‌ও নহল, দুৰ্ভাগ্য বুলিব‌ও নোৱাৰো । সময়ৰ হিচাবেৰে ওভতি চাওঁ কেতিয়াবা । আনুষ্ঠানিক শিক্ষা সামৰি টাই আহোম ছাত্ৰ সন্থা কৰিলো ৩ বছৰমান,একক প্ৰচেষ্টাৰে ম‌ইনা পাৰিজাত এখন গঠন কৰিছিলো(৩ বছৰ), সহাঁৰিও পাইছিলো কিন্তু অকলশৰে আগবঢ়াই নিব নোৱাৰিলো । সূৰুযমুখী সংঘৰ সম্পাদক হিচাপে ১২ টা বৰ্ষ সেৱা কৰিলো । প্ৰগতি প্ৰাথমিক বিদ্যালয়ৰ বিদ‍্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে ৩ টা বৰ্ষ । আকৌ নতুন দায়িত্ব এটাত জড়িত আছো । মাজে-সময়ে ভাওনা-নাটৰ লগতো জড়িত হৈ অভিজ্ঞতা বুটলিলো । কাৰাগাৰৰ অভিজ্ঞতাও পালো । এনেদৰেইছোন ২১/২২ বছৰ পাৰেই কৰিলো, শিক্ষা জীৱন আধাতে সামৰি সামাজিক জীৱন আৰম্ভণিওটো কৰিছিলো ২০/২১ বছৰৰ পৰাই । মুঠ ৪১/৪২ বছৰ । মানে জন্মৰ পৰা টকা-প‌ইছা,ঘৰ-সংসাৰ, ব‍্যক্তিগত জীৱনৰ কথা নাভাবিলো যেনেই লাগে ।
জীৱনটো হয়তু এনেদৰেই পাৰ হৈ যাবগৈ । না কিবা এটা কৰিব পাৰিলো,না সফল হলো কৰবাত । শূন্যৰ বাদে একোকে বিছাৰি নাপালো, অভিজ্ঞতাৰ পৰা কৈছো । স্বাৰ্থৰ বিপৰীতে থকাৰ বাবে একেটি ওৰুখা পজা, একেযোৰে সাজ, একে মনেৰে জীয়াই আছো । সলনি হব‌ও নোৱাৰিলো । তাতো বহুতৰে প্ৰশ্ন । বুজাবলৈ কষ্ট হয় । উ‌ৎসাহিত কোনো নকৰে,কিন্তু demotivate কৰা অজশ্ৰ । স্পষ্ট কৰি দিছো, স্ব‌ইচ্ছাই মই কতো জড়িত হব বিছৰা নাছিলো আৰু হোৱা নাই, কোনোবাই বিছাৰিছে বাবে থাকো । মোৰ ঘৰখন কেনেকৈ চলাইছো নেদেখাজনে জানে । মনত বৰ কষ্ট পাওঁ । কোনোবাই যদি বুজি পোৱা হলে, আৱেগবোৰ অনুভৱ কৰিব পৰা হলে😥😥😥!!! ভুল সিদ্ধান্তবোৰেই যেন মোৰ জীৱন ।,,,,,,অনুতপ্ত ।

29/06/2024

অৱস্থা বেয়া । হৰাটো Sure. অভিনন্দন দক্ষিণ আফ্ৰিকা ।

28/06/2024

KOHLI ZERO, ROHIT is main HERO. Salute to his dedication,imotion for nation, leadership, seriousness, patience🙏🙏🏻🙏. we hope your dreams come true, and INDIA will win the game tomorrow.

Address

Sonari
785692

Website

Alerts

Be the first to know and let us send you an email when Emon Kalyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share