দেৰগাঁও বাণী-Dergaon Baani

দেৰগাঁও বাণী-Dergaon Baani প্ৰতিজনৰ হৃদয়ৰ বাণী

16/09/2026

👉দেৰগাঁৱৰ বিধায়ক ড° মৃদুল কুমাৰ দত্তলৈ কৰ্মযোগী বিধায়ক বঁটা।

👉এই বঁটা প্ৰদান কৰে ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ লিমিটেডে।লগতে দেৰগাঁও সাংবাদিক, কৃতি ছাত্ৰ-ছাত্ৰীৰ উপৰিও দেৰগাঁও বিভিন্ন
সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানত বিশেষ বঁটা ও সম্বৰ্ধনা প্ৰদান কৰা হয়।

16/09/2026

দেৰগাঁৱত উৎকোচ নিদিলে দেৰগাঁও পৌৰসভাত নাপায় PMAYৰ ঘৰ।

৩,০০০ৰ পৰা ১০,০০০ টকালৈ চলে প্ৰতিটো ঘৰৰ দৰদাম! --- ৱাৰ্ডৰ সদস্যা স্নেহালতা নাথৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল !

দেৰগাঁওৰ ১ নং ৱাৰ্ডৰ সদস্যা স্নেহালতা নাথৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছিল - সেই অভিযোগৰ স্পষ্টীকৰণ ডাঙি ধৰে এনেদৰে।

15/09/2026

দেৰগাঁৱত ৫ সহস্ৰাধিক লোকৰ “সুৰৰ, মায়াজালেৰে” প্ৰিয় শিল্পীগৰাকীৰ অমৰ চিৰস্মৃতি সজীৱ কৰি তোলাৰ উদ্দেশ্যে - হিয়াৰ আমঠু জুবিন গাৰ্গৰ সেই সুমধুৰ কালজয়ী গীতৰে অনুষ্ঠিত হ'ব জুবিন দিৱস।

দেৰগাঁৱৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু শিল্পী সমাজ আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত জুবিন দিৱস।

১৯ ছেপ্টেম্বৰত দেৰগাঁৱতো প্ৰথম বাৰ্ষিক জুবিন দিৱসৰ আয়োজন।

দেৰগাঁওবাসী ৰাইজ, বিভিন্ন দল-সংগঠন আৰু সাংস্কৃতিক কৰ্মীৰ সহযোগত দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত কেন্দ্ৰীয় ভাৱে শ্ৰদ্ধাৰে উদ্‌যাপন কৰা হ’ব প্ৰথম বাৰ্ষিক জুবিন দিৱসl

উল্লেখ্য যে, অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ উপস্থিত থাকিব।পুৱাৰে পৰা হ'ব লগা অনুষ্ঠানত “জুবিন গাৰ্গৰ স্মৃতি আৰু শ্ৰেষ্ঠীৰ সুৰেৰে নগৰ পৰিভ্ৰমণ” শীৰ্ষক প্ৰভাতফেৰি অনুষ্ঠান।,শ্ৰদ্ধা, স্মৃতি আৰু আলোকৰ প্ৰতীক হিচাপে বন্তি প্ৰজ্বলনেৰে এক বিশেষ অনুষ্ঠানৰ শুভাৰম্ভ।

প্ৰিয় শিল্পীগৰাকী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ এক সাৰ্থক প্ৰয়াস হিচাপে নাহৰ পুলি ৰোপণ কাৰ্যসূচীৰ লগতে পুৱা বেলাতে শান্তি, সম্প্ৰীতি আৰু মানৱতাৰ মংগল কামনাৰে নৰেন শৰ্মা স্মৃতি পথাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হ’ব।

বিয়লি ৪:০০ বজাত সাহস্ৰাধিক ৰাইজৰ উপস্থিতিত জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন। “সুৰৰ, মায়াজালেৰে” প্ৰিয় শিল্পীগৰাকীৰ অমৰ চিৰস্মৃতি সজীৱ কৰি তোলাৰ এক বিশেষ অনুষ্ঠান।

14/09/2026

■প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, লুইতকণ্ঠ জুবিন গাৰ্গৰ সোঁৱৰণত এইবাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে NBCE Jewel Centre SMART LEARNINGৰ নেত্ৰজ্যোতি গগৈ হাজৰিকাই। তেখেতৰ কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাই ১৪ বছৰ উৰ্ধ্বৰ সকলোৰে বাবে বিশেষ ৰেহাই মূল্যত কম্পিউটাৰ প্ৰশিক্ষণৰ সুযোগ আগবঢ়োৱা হৈছে।

■উল্লেখযোগ্য যে নেত্ৰজ্যোতি গগৈ হাজৰিকাই প্ৰতিবছৰে বিভিন্ন সময়ত এনে বিশেষ শিক্ষামূলক সুবিধা আগবঢ়াই আহিছে। এইবাৰ জুবিন গাৰ্গৰ সোঁৱৰণত এই বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে।
■৩ মাহ, ৬ মাহ আৰু ১ বছৰীয়া পাঠ্যক্ৰমত ADCA, ADIT, Advance PGDCA, PGDCA PRO আদি পাঠ্যক্ৰম উপলব্ধ।
■দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰা ২৪টা বিনামূলীয়া আসন ইতিমধ্যে পূৰ্ণ হৈছে।

■আকৰ্ষণীয় সুবিধা হিচাপে ২ বছৰীয়া যিকোনো পাঠ্যক্ৰমৰ সৈতে প্ৰশিক্ষাৰ্থীয়ে লাভ কৰিব একোটাকৈ কম্পিউটাৰ।
📍 দেৰগাঁও, নাৰিকলগুৰি, অনুৰাগ মাৰ্কেট (তলৰ মহলা), টেলেন্ট বুক ষ্টলৰ সমীপত
📞 ৮১৩৩৯৬৪৯৪৫

13/09/2026

NBCE Jewel Centre SMART LEARNING ৰ তৰফৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু লুইতকণ্ঠ , সূৰ্য্য কণ্ঠ জুবিনগাৰ্গৰ প্ৰতি সন্মান আৰু তেখেতৰ কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা জনাই ২য় বাৰৰ বাবে ১৪ বছৰ উৰ্দ্ধৰ সকলো ছাত্ৰছাত্ৰী আৰু বয়োজ্যেষ্ঠ সকলৰ বাবে মুকলি কৰিছে বিশেষ ৰেহাই মূল্যত প্ৰশিক্ষণ ব্যৱস্থা ।
১৪ বছৰ উৰ্দ্ধৰ যিকোনো লোকেই এই সুযোগ বা সুবিধা গ্ৰহণ কৰিব পাৰিব৷
৩ মহীয়া, ৬ মহীয়া আৰু ১ বছৰীয়া পাঠ্যক্ৰমত আছে ADCA , ADIT, Advance PGDCA, PGDCA PRO , ইত্যাদি ধৰণৰ পাঠ্যক্ৰম
উল্লেখনীয় যে যোৱা আগষ্ট মাহৰ ২৭ তাৰিখত মুকলি কৰা হৈছিল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া পাঠ্যক্ৰমৰ ২৪ টাকৈ আসন ।
ইতিমধ্যে ২৪ টা আসনেই সম্পূৰ্ণ হ’ল যদিও , বিভিন্ন phone বা Message আহি থকাৰ বাবেই পুনৰ বাৰ অসমীয়া। হিয়াৰ আমঠু জুবিন গাৰ্গৰ কৰ্মৰাজিৰ প্রতি শ্ৰদ্ধা জনাই বিশেষ ৰেহাই মূল্যৰ ব্যবস্থা কৰিছে স্মাৰ্ট লাৰ্নিং কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰই
আটাইটকৈ আকৰ্ষণীয় কথাটো হ’ল ২ বছৰীয়া যিকোনো পাঠ্যক্ৰমৰ সৈতে প্ৰশিক্ষাৰ্থী সকলে লাভ কৰিছে একোটাকৈ কম্পিউটাৰ আৰু স্মাৰ্ট লাৰ্নিং কম্পিউটাৰ
প্ৰশিক্ষণ কেন্দ্ৰৰ ঠিকনাটো হৈছে — দেৰগাঁও নাৰিকলগুৰি, অনুৰাগ মাৰ্কেট ( তলৰ মহলা) , টেলেন্ট বুক ষ্টলৰ সমীপত আৰু আমাৰ যোগাযোগ নম্বৰ — ৮১৩৩৯৬৪৯৪৫ । ধন্যবাদ

12/09/2026

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় (স্বায়ত্তশাসিত) প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত আৰু দেৰগাঁও সমজিলা প্ৰশাসনৰ সহযোগত মহাবিদ্যালয় ছাত্ৰ - ছাত্ৰীসকলৰ দ্বাৰা বাটৰ নাট প্ৰদৰ্শন।

দেৰগাঁও নাহৰণি চাৰিআলিত
নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা বাবে বাটৰ নাট প্ৰদৰ্শন কৰে ।

11/09/2026

● স্নায়ুজনিত সমস্যাৰ উন্নত চিকিৎসাৰ বাবে এতিয়া আৰু দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। দেৰগাঁৱতে লাভ কৰিব পাৰিব বিশেষজ্ঞ স্নায়ু শল্য চিকিৎসকৰ সেৱা।
● ১২ ছেপ্টেম্বৰ, শনিবাৰে, দিনৰ ১ বজাৰ পৰা দেৰগাঁৱৰ তুষ্টি মেডিকেলত ৰোগী চাবলৈ উপলব্ধ থাকিব স্নায়ু শল্য চিকিৎসক (Neurosurgeon) ডাঃ অভিজ্ঞান বৰকটকী।
● মূৰৰ বিষ, ষ্ট্ৰক, ব্ৰেইন টিউমাৰ, মেৰুদণ্ডৰ বিভিন্ন সমস্যা আদি স্নায়ুজনিত সমস্যাৰ বাবে লাভ কৰিব পাৰিব বিশেষজ্ঞ পৰামৰ্শ।
● ডাঃ অভিজ্ঞান বৰকটকী বৰ্তমান গুৱাহাটী এপ’ল’ হস্পিতালত কৰ্মৰত।
● দেৰগাঁৱত বিশেষজ্ঞ চিকিৎসকৰ এই সেৱাই অঞ্চলটোৰ ৰোগীসকলৰ সময়, খৰচ আৰু যাতায়াতৰ কষ্ট হ্ৰাস কৰাত সহায় কৰিব।
● যোগাযোগ: ৮০১১৪১৬১৪৩, ৯৪৩৫২৪৯৩২১

10/09/2026

📌 দেৰগাঁৱৰ গন্ধিয়া গাওত ভয়ংকৰ পথ দুৰ্ঘটনা

📌 কেঁচা চাহপাত কঢ়িয়াই অনা বলেৰ' বাহনে মহটিয়াই নিয়ে দুই বাইক আৰোহিক।

📌 দুজনৰ অৱস্থা সংকটজনক , ব্যক্তি ২জনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

📌 দেৰগাঁওৰ যান বাহন আৰক্ষীয়ে আহত ব্যক্তি২জনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
📌 কেঁচা চাহপাত কঢ়িয়াই বাহন খনৰ নম্বৰ AS06BC2908

10/09/2026

🔴 বিশ্বকৰ্মা পূজাৰ আনন্দ এইবাৰ নতুন বাহনৰ সৈতে!

🔴 দেৰগাঁৱৰ দেৱগ্ৰাম মটৰ্চত আপোনাৰ পছন্দৰ বাইক আৰু স্কুটীত লাভ কৰক বিশেষ ৰেহাই আৰু আকৰ্ষণীয় সুবিধা।

🔴 ঝুম ১১০, ডেষ্টিনী ১২৫ আৰু প্লিজাৰ প্লাছত ২,৫০০ টকালৈকে ৰেহাই।

🔴 ডেষ্টিনী ১১০ত ২,১০০ টকা আৰু প্ৰিমিয়াম ৰেঞ্জৰ বাইকত ৩,৭০০ টকালৈকে ৰেহাই।

🔴 শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে বিশেষ ৰেহাই~১২৫ cc বাইকত ২,৫০০ টকা আৰু স্কুটাৰত ৩,৭০০ টকালৈকে।

🔴 প্ৰতিখন বাইক বা স্কুটীৰ সৈতে ২টা ISI স্বীকৃতিপ্ৰাপ্ত হেলমেট বিনামূলীয়া।

🔴 সহজ কিস্তিত ঋণৰ সুবিধা উপলব্ধ।

🔴 চৰকাৰী স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতি দেওবাৰে বিনামূলীয়া চাৰ্ভিচিং।

🔴 অফাৰ ২৫ ছেপ্টেম্বৰলৈকে।

🔴 এই পূজাত আপোনাৰ পছন্দৰ বাহনখন ঘৰলৈ নিয়াৰ সুযোগ হেৰুৱাব নালাগে।

📍 দেৱগ্ৰাম মটৰ্চ, এফ.চি.আই. চাৰিআলি, দেৰগাঁও

📞 যোগাযোগ: 9401357497 | 9864491867

09/09/2026

👉অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ (All India Journalist Union)সৌজন্যত সুধাকণ্ঠ ড° ভূপেন হাজৰীকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে দেৰগাঁও জীৱেশ্বৰ হাজৰিকা স্মৃতি উদ্যানত "গীতে-মাতে এসন্ধ্যা" অনুষ্ঠানত দেৰগাঁৱৰ বিধায়ক মৃদুল কুমাৰ দত্তৰ লগতে গোলাঘাট জিলাৰ বিজেপিৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰক সম্বৰ্ধনা জনোৱা মূহূৰ্তত--
👉 ড° ভূপেন হাজৰীকাদেৱৰ অমৰ সৃষ্টিৰাজি নুই কৰিব নোৱাৰি, বছৰেকৰ মুৰত তেখেতক মনত পেলালে নহ'ব ,মহান শিল্পীগৰাকীক আমি সদায় স্মৰণ কৰিব লাগিব-- বিধায়ক মৃদুল কুমাৰ দত্ত

Address

Dergaon

Telephone

+917002393568

Website

Alerts

Be the first to know and let us send you an email when দেৰগাঁও বাণী-Dergaon Baani posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share