08/11/2025
মুকুতাৰ মালা নে এখন মায়াৰ জাল?
এনে এখন জালে কাৰোবাৰ ভোক দূৰ কৰে, আৰু কাৰোবাৰ প্ৰাণ কাঢ়ি নিয়ে, একেসময়তে।
জালখন ভাল নে বেয়া?
একেদৰে আমাৰ জীৱনতো কিছুমান ঘটনা ঘটে।
ঘটনা এটা যদি মোৰ কাৰণে বেয়া, কিন্তু আনৰ বাবে ভাল।
সেয়েহে, ভাল বা বেয়া কেতিয়াও পৰমসত্য নহয়, ই আপেক্ষিক।
আজি পুৱাতে নিয়ৰ সিক্ত সেউজীয়াৰ মাজত বিছাৰি পোৱা এই জালখনে বহুকথাই কৈ যায়!