16/07/2026
যোৱা ১১/০৭/২০২৬ ইং তাৰিখে ৰাতিপুৱা ১০ বাজি ৩০ মিনিট মান বজাত আমাৰ খুৰী মায়ে অন্তিম নিশা ত্যাগ কৰি, এইখন পৃথিৱীৰ পৰা চিৰ বিদায় লয়।
তেওঁৰ এই মৃত্যুত আমি সকলোৱে বোৰ দূষিত । খুৰী মা অতি সহজ সৰল আছিলে, তেওঁ আমাক সৰুৰেপৰা বহুত মৰম কৰিছিল ।যেতিয়া ও খুৰী বুলি মাতি খুৰী হঁতৰ ঘৰত যাওঁ তেতিয়া খুৰী মা আমাক দেখি হাঁহি এটা মাৰি বহিব দিয়ে আৰু কি খবৰ কৰ পৰা আহিলা বুলি সুধে । মই যেতিয়া ঘৰৰ পৰা আহিলোঁ বুলি কওঁ তেতিয়া খুৰী মায়ে সুধে কি খাই আহিলা , যদি কওঁ একো খাই অহা নাই বুলি, তেতিয়া খুৰী মায়ে কিবা কিবি খাৱলে দিয়াৰ লগতে কেতিয়াবা তেওঁৰ নিজৰ ভাগ আমাক খবলে দিয়ে । আমি সৰুৰে পৰা দেখি অহা তেওঁৰ আমাৰ প্ৰতি থকা মৰম বোৰ কেতিয়াওঁ পাহৰিব নোৱাৰোঁ।
কিন্তু হঠাৎতে খুৰী মাৰ বেমাৰ এটা হল , তেওঁৰ বেমাৰ ভাল কৰিৱলৈ বহু বাৰ হস্পিতাললৈ লৈ গৈছিল, যদিও বেমাৰ ভাল নহ'ল আৰু এনেকৈ খুৰী মা আমাক এৰি গুছি গ'ল।
খুৰী মা আপুনি য"তে আছা ভালে থাকা , আপোনাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।
🙏 - ওঁম শান্তি - ,🙏