News Times

News Times Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Times, Ganeshguri, Guwahati.

NEWS TIMES is Assam's first dedicated media portal which brings you the latest updates from across

Contact For Promotion
Registered Web Based news & Media Website✅️

11/06/2026

Big Update

11/06/2026

📌গুৱাহাটী লুইট ৰটাৰী ক্লাৱ আৰু ৰটাৰী গুৱাহাটী লুইট ট্ৰাষ্টৰ এক বিশেষ সুন্দৰ পদক্ষেপ চূণপোৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ
📌খোৱাপানীৰ সুব্যৱস্থা লগতে ছাত্ৰ - ছাত্ৰীৰ বাবে ইউৰিনেলৰ সুব্যৱস্থা কৰি দিয়ে, হুইল চেয়াৰ বিতৰণ , গ্ৰন্থাগাৰলৈ তিনিশখন কিতাপ আৰু ছাত্ৰ-ছাত্ৰীসকলক জোতা প্ৰদান কৰে ।

10/06/2026

বকলীয়াঘাট চাম পথাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা । বুধবাৰে সন্ধিয়া দুই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে সঞ্জীৱ তেৰণ নামৰ লোক এজনক গুৰুতৰভাৱে আঘাত কৰি পলাই সাৰে ৷ এই আক্ৰমণ কি কাৰণত কোনে সংঘটিত কৰিলে এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

10/06/2026

কেন্দ্ৰত বিজেপি চৰকাৰৰ বাৰ বছৰ অতিক্ৰম কৰাৰ উপলক্ষে ৰজাপথাৰত বিজেপি কৰ্মীসকলে প্ৰগতি পথ যাত্ৰা নামেৰে এক বিশাল সমদল উলিয়াই এই বিশেষ দিনটো উদযাপন কৰে।

09/06/2026
07/06/2026

📌শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩৮ সংখ্যক জন্ম জয়ন্তী উপলক্ষে হালধিআটী প্ৰাথমিক শাখাৰ আই মাতৃসকলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন ।

07/06/2026

বকলীয়াঘাট পাট্ৰাডিছা চিংনাৰগাওঁৰ পিংকী হালোৱা নামৰ মহিলা এগৰাকী যোৱা কেইবাদিনো ধৰি সন্ধানহীন হৈ থকা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে উদ্বেগৰ সৃষ্টি কৰিছে।
📌যোৱা ইংৰাজী ২৭ মে’ ২০২৬ তাৰিখে নিজ গৃহৰ পৰা ভনীয়েকৰ ঘৰ লৰিংথেপিলৈ বুলি ওলাই গৈছিল পিংকী হালৱা। কিন্তু লৰিংথেপিৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হয় মহিলাগৰাকী।
📌ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামী ৰাজকুমাৰ হালোৱাই উত্তৰ বৰবিল আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে।
📌কোনো সহৃদয় ব্যক্তিয়ে যদি মহিলাগৰাকীৰ কিবা সন্ধান পায়, পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে অসহায় স্বামীয়ে ।

05/06/2026

📌আজি বিশ্ব পৰিৱেশ দিৱস ।
📌নৰ্ডাৰ্ণ ৰেঞ্জ ফংলকপেট বন বিভাগৰ তৰফৰ পৰা বকলীয়াঘাট যমুনা জলসিঞ্চন প্ৰকল্পৰ উদ্যানত ডেৰশটা গছপুলি ৰোপণ ।
📌গছ থাকিলেহে মানুহ আৰু অন্য জীৱ জন্তুবোৰ এই পৃথিৱীত থাকিব, গতিকে বৃক্ষৰোপণৰ যোগেদি পৰিৱেশ সুস্থ ৰাখিবলৈ আহ্বান জনায় বন বিষয়া বিক্ৰম তেৰণে ।

01/06/2026

📌বৃহত্তৰ বকলীয়াঘাট ৩০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত বৰ্তমান ৰোগীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আল্ট্ৰাছাউণ্ডৰ সুবিধা নাই লগতে
প্ৰয়োজনীয় চিকিৎসকৰ অভাৱ ।
📌চৰকাৰক অতি শীঘ্ৰে সুবিধা কৰি দিবৰ বাবে আহ্বান তত্বাৱধায়ক কাৰিক ক্ৰপীৰ।

01/06/2026

📌আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি।
📌 বকলীয়াঘাটৰ হালধিআটী প্ৰাথমিক শাখাৰ নামঘৰটো বিভিন্ন কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি।

Address

Ganeshguri
Guwahati
781005

Alerts

Be the first to know and let us send you an email when News Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share