31/01/2015
অলপ সময় খৰচ কৰি হ'লেও পঢ়ি চাওক... . ফেচবুকত কোনো কোনো সময়ত ব্যক্তিবিশেষে কিছুমান আচহুৱা ৱেবপেজৰ লিংক চেয়াৰ বা উপস্থাপন কৰে,, যিটো লিংকৰে গৈ আপুনি এনে এখন ৱেবপেজ পাব য'ত আপোনাৰ ফেচবুকৰ একাউণ্ট লগ ইন হৈ থাকিলেও তাত পুনৰ লগ ইন কৰিবলৈ নির্দেশ থাকিব,, কিন্তু সেইটো কৰিবলৈ চেষ্টাও নকৰিব,, . (তেনেকুৱা এখন ৱেবপেজৰ উদাহৰণ :- http:// goo.gl/CLICcU ) কিয়নো আপুনি যিখন ৱেবপেজত থাকিব সেইখন দৰাচলতে এখন ভুৱা ৱেবপেজ হয়, তাত যদি আপুনি আপোনাৰ ফেচবুকৰ ইমেইল ও পাছৱর্ডৰ সৈতে লগ ইন কৰে তেনে আপোনাঁৰ লগ ইনৰ Details সমূহ এক বিশেষ প্রক্রিয়াৰে সেই ভুৱা ৱেবপেজৰ গৰাকীয়ে লাভ কৰিব, দৰাচলতে সেই ৱেবপেজৰ গৰাকী জনো এজন হেকাৰ যিয়ে সেই ৱেবপেজ ফেচবুকৰ একাউণ্ট সমূহ হেক কৰিবলৈকে সৃষ্টি কৰিছে,, এই সমস্ত প্রক্রিয়াটোক ফেচবুক ফিচিং হেক (Phishing Hack) কৌশল বুলি জনা যায়, যাৰ দ্ৱাৰা সেই হেকাৰ জনে আপোনাৰ নামত বিভিন্ন অসামাজিক চাইবাৰ অপৰাধ কৰি থাকিবলৈ সক্ষম হ'ব,, যিহৰ সমস্ত লাঞ্ছন আপোনাত লাগিব, গতিকে আপোনাৰ একাউণ্টৰ প্রতি লক্ষ ৰাখি তেনে লিংক সমূহ খোলাৰ পৰা বিৰত থাকক,