10/04/2026
সন্মানীয় বৰক্ষেত্ৰীবাসী ৰাইজ,
এখন বিকশিত আৰু প্ৰগতিশীল বৰক্ষেত্ৰী গঢ়াৰ আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ভোটদান কৰিবলৈ পূৰ্ণোদ্যমেৰে ওলাই অহা আপোনালোক আটাইলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এই চেগতে মোৰ ওপৰত আস্থা প্ৰকাশ কৰি এই সুযোগ প্ৰদান কৰাৰ বাবে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নিতিন নবীন ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে নিৰ্বাচনৰ প্ৰচাৰৰ পূৰ্বৰে পৰা মোক সহায়-সহযোগিতা আগবঢ়াই অহা দলৰ প্ৰতিজন সন্মানীয় কাৰ্যকৰ্তা, মিত্ৰদল অগপৰ প্ৰতিজন সন্মানীয় কাৰ্যকৰ্তা, মোৰ প্ৰতিজন সন্মানীয় শুভাকাংক্ষী আৰু মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ মৰম-স্নেহ, সহাঁৰি আৰু সমৰ্থনক সাহস হিচাপে লৈ বৰক্ষেত্ৰীৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি যাবলৈ মই সংকল্পবদ্ধ।
সৰ্বশেষত এটা সুখৱৰৰ অপেক্ষাৰে পুণৰবাৰ আপোনালোক আটাইলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Himanta Biswa Sarma Dilip Saikia BJP Assam Pradesh